চাই আছিলোঁ...
চাৰিবেৰৰ মাজত এখন ঘূৰণীয়া মেজ
পৃষ্ঠতলত দেখিলোঁ দুডাল দণ্ডিকা
কোঠাটো চাঁনি ধৰাত ব্যস্ত এন্ধাৰ
মেজখনৰ পৰিসীমাত জ্বলিছে এডাল দণ্ডিকা
জ্বলি আছে, গলি আছে
নিজকে নিঃশেষ কৰি জ্বলি আছে
আৰু পোহৰাই তুলিছে আপোনাৰ চৌপাশ
পোহৰত আপুনি তুলি লৈছে এডাল দণ্ডিকা
ওঁঠত জ্বলিছে কেইপাকমান ধোঁৱা
জ্বলি জ্বলি জ্বলাইছে যিয়ে আপোনাক
আৰু আমি...গৈ আছোঁ
আপুনি,মই,তেখেত গৈ আছোঁ
এখন ঘূৰণীয়া মেজত আমি ঘূৰি আছোঁ
মেজৰ পৰিসীমাত আমি একোডাল দণ্ডিকা
ঘূৰণীয়া মেজত আন্ধাৰ নামিব
আপুনি,মই অথবা তেখেত
মমবাতি নে চিগাৰেট ?
তাৰেই বতৰা এন্ধাৰে দিব
ধুনীয়া
ReplyDelete