ম’বাইলৰ পৰা অসমীয়া কেনেকৈ লিখিব ?

অসমীয়া আখৰ দেখা নোপোৱা ম’বাইলৰ পৰা অসমীয়া আখৰ দেখা পোৱা কৰিবলৈ :-

       পোন প্ৰথমতে আমি Opera Mini নামৰ ছফ্টৱেৰটো ডাউনলোড কৰি ল’ব লাগিব | তাৰ পিছত ওপৰত থকা Address Barত ত গৈ config: নাইবা about:config অথবা opera:config টাইপ কৰিব লাগিব | তেতিয়া এখন মেনু ওলাব যিখন ’Power-User Setting’ নামে জনা যায় | এই মেনুখনৰ একেবাৰে শেষত ‘Use bitmap image for complex scripts’ নামেৰে এটা Option পাম | তাত গৈ ‘yes’ নামৰ Option টোত ক্লিক কৰি ‘save’ কৰিম | ইয়াৰ পিছত আমি অসমীয়া আখৰ দেখিবলৈ সক্ষম হ’ম |

ম’বাইলৰ পৰা অসমীয়া লিখিবলৈ :-

      প্ৰথমতে আমি “Panini Keypad’’ নামৰ Software এটা ডাউনলোড কৰি ল’ব লাগিব (যদিও এই ছফ্টৱেৰটো মূলত ম’বাইলৰ পৰা মেছেজ কৰিবলৈহে ব্যৱহাৰ কৰা হয়, তথাপিও ইয়াক আমি ফেচবুক নাইবা ইন্টাৰনেটৰ বিভিন্ন ক্ষেত্ৰত অসমীয়া লিখিবলৈও ব্যৱহাৰ কৰিব পাৰোঁ ) | ইণ্ষ্টল কৰাৰ পিছত যেতিয়া আমি ইয়াক খুলিম, প্ৰথম Option হিচাপে পোৱা "Write Messegeलिखे"  নামৰ Optionটোত ক্লিক কৰিম | তাৰ পিছত "Change Language भाषा बदले" নামৰ Optionটোলৈ গৈ "Assamese" চিলেক্ট কৰিম | তাৰ পিছত "Modeमोड" নামৰ Option টোলৈ গৈ "Mode A" চিলেক্ট কৰিম | এখন অন-স্ক্ৰীন কি-পেড ওলাব য’ত আমাৰ প্ৰয়োজনীয় আখৰটোৰ তলত ক্লিক কৰি আখৰটো লিখিব পাৰিম | লিখা হোৱাৰ পিছত "View Textदेखे" নামৰ Optionটোলৈ যাম আৰু তাৰ পিছত "Editing Options" নামৰ Optionটোলৈ গৈ লিখাখিনি “Copy” কৰিম (অসমীয়া ফন্ট সমৰ্থন নকৰা ম’বাইলবোৰত লিখা আখৰখিনি বাকচৰ নিচিনা দেখাব, তথাপিও কপি কৰিম ) | এতিয়া Opera Mini ৰ য’তেই অসমীয়া লিখাৰ প্ৰয়োজন হয় তাতেই "Fullscreen Edit" লৈ গৈ Ctrl+v কি দুটা একেলগে টিপিম | (অসমীয়া ফ’ন্ট সমৰ্থন নকৰা ম’বাইলবোৰত লিখা আখৰখিনি Paste কৰি Post কৰাৰ পিছতহে সথিকভাৱে দেখাব, অন্যথা বাকচ বাকচ দেখাব )

বিঃ দ্ৰঃ-  এই পদ্ধতিটো সকলোধৰণৰ ম’বাইলত কাৰ্য্যকৰী হ’বনে নহয় নাজানোঁ, কিন্তু মোৰ “ন’কিয়া এক্স-৫” ম’বাইলত সথিকভাৱেই কাম কৰি আছে  / ম‍ই ভাৱো সকলো ধৰণৰ মাল্টিটাস্কিং QWERTY কি-পেড থকা ম’বাইলতেই এই পদ্ধতিটোৱে সথিকভাৱেই কাম কৰিব /

পাণিনি কি-পেড ডাউনলোড কৰিবৰ বাবে এই লিংকত ক্লিক কৰক :-
- http://www.paninikeypad.com/download.php
http://download.cnet.com/Panini-Keypad/3000-10440_4-10909364.html )

        ন’কিয়া C1-01 ম’বাইল (দামঃ-২৪০০ টকা) আৰু ন’কিয়া C2-00 ম’বা‍ইলত অসমীয়া লিখাৰ সুবিধা আছে | যদি অন্য কোনো ম’বাইলতো অসমীয়া লিখাৰ সুবিধা থকাটো আপোনাৰ দৃষ্টিগোচৰ হৈছে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব |
টোকাঃ- এতিয়ালৈকে যিবোৰ মডেলৰ পৰা বি্ভিন্নজনে অসমীয়া লিখিবলৈ সক্ষম হৈছে.....ন’কিয়া এক্স-৫/ন’কিয়া এক্স-৩/ন’কিয়া ২৭০০ ক্লাছিক/ন’কিয়া ৬৩০৩i ক্লাছিক/ ন’কিয়া এক্স ২-০১/ ছ’নি এৰিক্‌ছন W8

ধন্যবাদেৰে:- ৰিদিপ কুমাৰ নাথ
২৫/০৬/২০১১ 

2 comments:

  1. NICE...লেখনিটোৰ পৰা আমি বহুত কখা জানিব পাৰিলো ।

    ReplyDelete
  2. Now Panini Keypad (latest versions) available for Assamese for

    Java phones (nokia etc), Android phones (Samsung etc), iPhones...

    Download from PaniniKeypad.com / Google Play Store etc.

    Search for "Panini Keypad Assamese"

    ReplyDelete